Join our whatsapp channel for more updates. Join Now

Assamese Synonyms সমার্থক শব্দ Homarthok Hobdo প্রতিশব্দ

Assamese Synonyms সমার্থক শব্দ  Homarthok Hobdo প্রতিশব্দ

কোনো শব্দই আন শব্দৰ সৈতে একে অর্থ প্রকাশ কৰে, তেতিয়া তাক শব্দটোৰ প্রতিশব্দ বা সমার্থক শব্দ বোলে।

  • পৃথিৱী - ধৰণী, জগত, ভূলোক, ধৰিত্ৰী, বসুমতী, ভূৱন।
  • চন্দ্র- জোন, শশধৰ, নিশাকৰ, শশী, অৰুণাংশু, সুধাকৰ, সুধাংশু।
  • সূর্য - বেলি, দিবাকৰ, ৰবি, ভানু, আদিত্য, ভাস্কৰ, তপন, অৰুণ।
  • পদুমফুল- কমল, পংকজ, পদ্ম, শতদল, অৰবিন্দ।
  • আকাশ - গগণ, অন্তৰীক্ষ, অম্বৰ।
  • জুই - অগ্নি, বহ্নি, অনল, হুতাশন।
  • ঘৰ - গৃহ, আলয়, ভৱন, আবাস, নিলয়।
  • ৰজা - নৃপতি, ভূপতি, নৃপ, নৰপতি, মহীপাল।
  • ঈশ্বৰ - ভগৱান, পৰমেশ্বৰ, জগদীশ, ঈশ।
  • মহাদেৱ -  ভোলানাথ, দিগম্বৰ, মহেশ্বৰ, শিৱ, ত্রিনয়ন, মহাদেৱ, শঙ্কৰ
  • পানী - জল, বাৰি, অম্বু।
  • বতাহ - সমীৰ, বায়ু, পৱন, সমীৰণ।
  • চকু- নয়ন, নেত্র, লোচন।
  • মৃত্যু - মৰণ, নিধন, বিনাশ, লোকান্তৰ, পৰলোক।
  • নাৰী- মহিলা, স্ত্রী, তিৰোতা, ৰমণী।
  • শৰীৰ- গা, দেহ, তনু।
  • বন্ধু- সখা, মিত্র, বান্ধব।
  • হাতী - ঐৰাৱত, হস্তী, গজ, মাতংগ।
  • ৰাতি - নিশা, যামিনী, ৰজনী।
  • পৰ্বত - গিৰি, শৈল, ভুধৰ।
  • মানুহ- নৰ, মনুষ্য, মানৱ।
  • মেঘ - ডাৱৰ, জলধৰ।
  • সাগৰ - সমুদ্র, সিন্ধু, অর্ণব, বাৰিধি, জলধি, জলনিধি।

I am working as an Assistant Teacher who loves to share knowledge in the internet world.

Post a Comment