Join our whatsapp channel for more updates. Join Now

এটা শব্দত প্রকাশ কৰা অসমীয়া ব্যাকৰণ Eta Sobdot Prakash Kora

এটা শব্দত প্রকাশ কৰা অসমীয়া ব্যাকৰণ Eta Sobdot Prakash Kora


এটা শব্দত প্রকাশ কৰা অসমীয়া ব্যাকৰণ Eta Sobdot Prakash Kora

কিছুমান বাক্য বা বাক্যাংশ মাত্র এটা শব্দতে প্রকাশ কৰিব পাৰি। গোটেই বাক্যাংশটো প্রয়োগ নকৰিলেও ইয়াৰ শব্দটোৰে সম্পূৰ্ণ অর্থ প্রকাশ পায়। 

নিয়মমতে খৰচ কৰে যি           :-মিতব্যয়ী

ভাল পানী পোৱা ঠাই।              : সুজলা

আনৰ দেশত বাস কৰা লোক   : প্রবাসী

যিটো বেছি দীঘল নহয়            : নাতিদীর্ঘ

যি কথাৰ অৰ্থ নাই                   : নিৰৰ্থক, অর্থহীন

নিজৰ জন্মহোৱা ঠাই               : জন্মভূমি 

গৰু বন্ধা ঘৰ                          :  গোহালি

ধান থোৱা ঘৰ                        :-  ভঁৰাল

যি যুঁজ কৰে                          : যুঁজাৰু

যি পাঠ কৰে                          : পাঠক

যি ধান দায়                            : দাবনী

যি শিক্ষা দিয়ে                        : শিক্ষক

যি কিতাপ পঢ়ে                       : পঢ়ুৱৈ

যিজনে গীত গায়                     : গায়ক

যি সত্য কথা কয়                     : সত্যবাদী

যি মিছা কথা কয়                     : মিছলীয়া

যি পানীত থাকে                       : জলচৰ

যি পানীত জন্মে                        : জলজ

যি বোকাত জন্মে                       : পংকজ

যি নিজ দেশত থাকে                  : স্বদেশী

যি বিদেশৰ পৰা আহে                : বিদেশী

কাপোৰ চিলোৱা মানুহ : দর্জী

মাটিৰ বাচন গঢ়া মানুহ   : কুমাৰ

কৃষি কাম কৰা মানুহ  : কৃষক, খেতিয়ক

পিতাৰ সৰু ভাই   : খুৰা, দদাইদেউ

মাৰ ভায়েক    : মোমাই, মামা

যাৰ আশ্ৰয় নাই   : নিৰাশ্রয়

ঘৰত পোহা জন্তু   : পোহনীয়া , ঘৰচীয়া

চুলি কটা মানুহ  : নাপিত

জুই ধৰি ৰখা ঠাই: জুহাল

জিলাৰ অধিপতি বিষয়া   : উপায়ুক্ত, জিলাধিপতি

যি নিজৰ দেশক ভাল পায় : দেশপ্রেমিক,দেশভক্ত

ডাকঘৰৰ চিঠি বিতৰণ কৰা মানুহ : পিয়ন,ডাকোৱাল

ধানৰ বাকলি : তুহ

ধান ৰোৱা তিৰোতা: বোৱনী

ধন আছে যাৰ: ধনী

পৱিত্ৰ কামত মৃত্যুবৰণ কৰা লোক: শ্বহীদ

বনত থকা জন্তু: বনৰীয়া

বল আছে যাৰ: বলী

বাইদেউ বা ভনীৰ ল'ৰা : ভাগিন

বাটেৰে যোৱা মানুহ: বাটৰুৱা

মাকৰ ভনী: মাহী

মাকৰ বায়েক: জেঠাই

যাৰ শত্রু নাই: অজাতশত্রু

যাৰ ঋণ নাই: অঋণী

ৰূপৰ দৰে বৰণ: ৰূপালী

যিটো দেখা নাযায়: অদৃশ্য

যি কথা বিশ্বাস কৰিব নোৱাৰি: অবিশ্বাস্য

যি ৰাতি ফুৰে: নিশাচৰ

যি পুৰুষৰ ঘৈণীয়েক মৰিছে: বিপত্নীক

যাক মূল্যৰে কিনিব নোৱাৰি: অমূল্য

যাৰ মূল্য নাই: মূল্যহীন

মাগি ফুৰা মানুহ: মগনীয়া

এটা চকুৰে নেদেখা মানুহ : কণা 

দুটা চকুৰে নেদেখা মানুহ: অন্ধ

বস্তু কিনা-বেচা কৰা ঠাই: হাট বা বজাৰ

যি মৃত্যুক জয় কৰিছে: মৃত্যুঞ্জয়

যাৰ মৰণ নাই: অমৰ

পিতাৰ ভনীয়েক: পেহী

বৰষুণ নোহোৱা বতৰ: খৰাং

যি ঠাইত অনেক ফুল গছ থাকে: ফুলনি

আঞ্জা খাবলৈ অনা সৰু কলপুলি: পচলা

মাক বা বাপেক নথকা ল'ৰা-ছোৱালী: মাউৰা

যাৰ সৰুতে মাক-দেউতাক ঢুকাইছে: ঘাট মাউৰা

বিদ্যা শিক্ষা লাভ কৰা ঘৰ :- বিদ্যালয় ,পঢ়াশালি

আনৰ বস্তু বলেৰে কাঢ়ি নিয়া মানুহ :- ডকাইত

গিৰীয়েক মৰা তিৰোতা : বাঁৰী, বিধৱা

লোৰ অস্ত্র-শস্ত্ৰ গঢ়া লোক: কমাৰ

কণীৰ পৰা হোৱা: অণ্ডজ

যি বেছি চেঁচাও নহয় গৰমো নহয়: নাতিশীতোষ্ণ

স্বামীৰ সৰু ভাই: দেৱৰ

বেছি কথা কোৱা মানুহ: কথকী

গৰুগাড়ী চলোৱা মানুহ: গাৰোৱান

আনৰ ভাল দেখিব নোৱাৰা: পৰশ্ৰীকাতৰ

আনৰ তলতীয়া নোহোৱা: স্বাধীন

একে সময়তে হোৱা: সমসাময়িক

এবাৰ গুটি লাগি মৰা গছ: ঔষধি

ককাইদেউৰ ল'ৰা: ভতিজা

কাপোৰ বোৱা তিৰোতা: বোৱনী, শিপিনী

খেতি কৰা মানুহ: খেতিয়ক, কৃষক

গোটেই জীৱন জুৰি: আজীৱন

ঘৰবাৰী নসজাকৈ থকা মানুহ: অঘৰী

বিয়া নোহোৱাকৈ ঘৰত থকা ছোৱালী: আবিয়ৈ

দুখ বা কষ্ট সহিব পৰা মানুহ - কষ্টসহিঞ্চু

নিজৰ ওপৰত নিৰ্ভৰ কৰি চলা মানুহ: আত্মনির্ভৰশীল

কাৰো নাম নোলোৱাকৈ পৰা গালি: গুৱাল-গালি

দুটা মাহৰ মাজৰ দিন: দোমাহী

ভেকুলীৰ ঠেং নথকা পোৱালি: লালুকী

যি ইশ্বৰক বিশ্বাস কৰে: আস্তিক

যাৰ ইশ্বৰত বিশ্বাস নাই: নাস্তিক

বিহুৰ আগদিনা: উৰুকা

যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে মনত ৰাখে: কৃতজ্ঞ

যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে মনত নাৰাখে: অকৃতজ্ঞ

যাক দেখা নাযায়: অদৃশ্য

যি জলত চৰে : জলচৰ 

যি স্থলত চৰে : স্থলচৰ

যাৰ আদি নাই: অনাদি

I am working as an Assistant Teacher who loves to share knowledge in the internet world.

Post a Comment